সমললৈ যাওক

বুলডগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বুলডগ (ইংৰাজী: Bulldog),[1][2] যাক ইংলিছ বুলডগ বা ব্ৰিটিছ বুলডগ বুলিও জনা যায়, হৈছে এক মজলীয়া আকাৰৰ কুকুৰৰ প্ৰজাতি।[3] ই হৈছে এক পেশীবহুল, ডাঙৰ কুকুৰ যাৰ মুখখন কোঁচ খোৱা। বুলডগবোৰ জনপ্ৰিয় পোহনীয়া জন্তু; আমেৰিকান কেনেল ক্লাবৰ মতে এইবিধ কুকুৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চম জনপ্ৰিয় বিশুদ্ধ প্ৰজাতিৰ কুকুৰ।[4]

Example of a 4-year-old Bulldog of Champion bloodlines, side view. Note the "rope" over the nose, and pronounced underbite.

বুলডগবোৰৰ বিশেষভাৱে বহল মুৰ আৰু কান্ধ থাকে। ভ্ৰূত সাধাৰণতে ছালৰ ডাঠ ভাঁজ থাকে; ঘূৰণীয়া, ক'লা, বহল চকু; নাকৰ ওপৰেৰে ভাঁজৰ সৈতে এটা চুটি মুখ; ডিঙিৰ তলত ওলমি থকা ছাল; ওলমি থকা ওঁঠ আৰু জোঙা দাঁত। [3]

আমেৰিকান কেনেল ক্লাবৰ মতে, বুলডগৰ স্বভাৱ দয়ালু, দৃঢ়, আৰু সাহসী (দুষ্ট বা আক্ৰমণাত্মক নহয়)।[5]

Wide stance

বেছিভাগৰ বন্ধুত্বপূৰ্ণ, ধৈৰ্য্যশীল, কিন্তু জেদী প্ৰকৃতিৰ হয়। শিশুৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰৱণতাৰ বাবে বুলডগবোৰক উৎকৃষ্ট পাৰিবাৰিক পোহনীয়া জন্তু হিচাপে স্বীকৃতি দিয়া হয়। [3] সাধাৰণতে, বুলডগবোৰ শিশু, অন্যান্য কুকুৰ আৰু অন্যান্য পোহনীয়া জন্তুৰ সৈতে ভালদৰে মিলা-মিছা কৰাৰ বাবে জনাজাত।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Bulldog Dog Breed Information" (en ভাষাত). American Kennel Club. https://www.akc.org/dog-breeds/bulldog/। আহৰণ কৰা হৈছে: 25 February 2020.
  2. ↑ "Bulldog Breed Information" (en ভাষাত). Animal On Planet. Archived from the original on 23 November 2020. https://web.archive.org/web/20201123221815/https://animalonplanet.com/2020/04/bulldog/। আহৰণ কৰা হৈছে: 16 January 2020.
  3. 1 2 3 "Get to Know the Bulldog" Archived 22 December 2015 at the Wayback Machine, 'The American Kennel Club', Retrieved 29 May 2014
  4. ↑ American Kennel Club 2013 Dog Registration Statistics Historical Comparisons & Notable Trends, The American Kennel Club, Retrieved 18 May 2016
  5. ↑ American Kennel Club – Bulldog. Akc.org. Retrieved on 9 June 2012.
  6. ↑ Ewing, Susan (2006). Bulldogs for dummies. প্ৰকাশক Indiana: Wiley Publishing. ISBN 978-0-7645-9979-8. https://books.google.com/books?id=iuwzTHW-n3cC&q=Bulldogs+are+known+for+getting+along+well+with+children,+other+dogs,+and+pets&pg=PA1.